Ghilamara Adarsha Primary School
Ghilamara Adarsha Primary School
Ghilamara Adarsha Primary School
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়।১৯৬৪ চনতে ঘিলামৰাৰ প্ৰাণকেন্দ্ৰত স্থাপিত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ২০১৪ চনতে সগৌৰৱে সোণালী জয়ন্তী উৎসৱ উদ্‌যাপন কৰে। পূৱে পশু চিকিৎসালয় উত্তৰে ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, পশ্চিমে কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণে ২২ নং ৰাজ্যিক ঘাইপথক লৈ এই বিদ্যালয়ৰ চাৰিসীমা গঠিত। প্ৰতিষ্ঠা কালৰে পৰাই এই বিদ্যালয়ে লখিমপুৰ জিলাৰ ভিতৰতে আগশাৰীৰ বিদ্যালয় হিচাপে পৰিচয় দি আহিছে। বৰ্তমানেও বিদ্যালয়ত কৰ্মৰত শিক্ষকসকল, অভিভাৱক তথা শুভাকাংক্ষী সকলৰ প্ৰচেষ্টাত অসমৰ ভিতৰতে এই বিদ্যালয়ৰ নাম জিলিকাবলৈ সক্ষম হৈছে।
Welcome to Ghilamara Adarsha L. P. School! It is a government primary school, located at the heart of Ghilamara in Lakhimpur district, Assam. The school, established in 1964, has witnessed more than 50 years of glorious journey. Since its birth, it has been significantly contributing to the educational development of the locality. The school was accredited with A+ grade in the Gunostav held by Government of Assam in 2017 and 2018. Each year, a significant number of students of this school receive the prestigious “Chief Minister’s Special Scholarship”.

প্ৰধান শিক্ষয়িত্ৰী অঞ্জনা কোঁচ বাইদেৱে কৃতি শিক্ষকৰ ৰাজ্যিক বঁটা লাভৰ কিছু মুহূৰ্ত

Ghilamara Adarsha Primary School
MRS. ANJANA KONCH
HEAD TEACHER

জন্মলগ্নৰে পৰা ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ঘিলামৰা অঞ্চলটোৰ শৈক্ষিক ক্ষেত্ৰলৈ প্ৰভূত বৰঙনি আগবঢ়াই আহিছে। এই বিদ্যালয়ৰ পৰা প্ৰতিবছৰে আশানুৰূপ ছাত্ৰ-ছাত্ৰীয়ে প্ৰাথমিক বৃত্তি লাভ কৰি বিদ্যালয়লৈ সুনাম কঢ়িয়াই অনাত সফল হৈছে। ছাত্ৰ-ছাত্ৰীসকলে সহজে আয়ত্ব কৰিব পৰাকৈ নন পদ্ধতিৰে এই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলে পাঠদান কৰিবলৈ প্ৰচেষ্টা হাতত লৈ আহিছে।

791
Students got Scholarships
20
TEACHING STAFF
823
Students studying
8
NON-TEACHING STAFF

School Details

প্ৰতিটো শ্ৰেণী/শাখাৰ বাবে সুকীয়া লাইট/ফেনৰ সংযোগ থকা শ্ৰেণীকোঠা

পৰ্যাপ্ত আচবাব

ছাত্ৰ-ছাত্ৰীৰ বাবে সুকীয়া শৌচাগাৰ

চলমান তথা বিশুদ্ধ খোৱা পানীৰ বাবে একুৱা গাৰ্ড

বিনামূলীয়া নামভৰ্ত্তিৰ/সম-সাজৰ ব্যৱস্থা

School ERP software

মুখ্যমন্ত্ৰীৰ বিশেষ বৃত্তি আঁচনি

প্ৰাচীৰ পত্ৰিকা আৰু শিশু পুথিভঁৰাল

দৈনিক মধ্যাহ্ন ভোজনৰ সুবিধা

চৰকাৰী স্বীকৃতি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা ২০০২-০৩ বৰ্ষত উদ্‌গনিমূলক বঁটা

অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা ২০০৯ চনত আদৰ্শ বিদ্যালয় স্বীকৃতি

ঢকুৱাখনা মহকুমা ভিত্তিত ২০১৮ চনৰ স্বচ্ছ বিদ্যালয় বঁটা

২০১৭ আৰু ২০১৮ বৰ্ষৰ দুয়োটা গুণোৎসৱত A+ গ্ৰেড

class timetable