ছাত্ৰ-ছাত্ৰীৰ সংকল্প
এইখন আমাৰ বিদ্যালয়
আমি সদায় বিদ্যালয়লৈ পৰিস্কাৰ হৈ আহিম
বিদ্যালয়খন ধুনীয়াকৈ ৰাখিম
বন্ধু-বান্ধৱীৰ লগত মিলাপ্ৰীতিৰে থাকিম
বিদ্যালয়ৰ নীতি-নিয়ম মানি চলিম
এইখন আমাৰ বিদ্যালয়। বিদ্যালয়খন আমাৰ আপোন
আমি শিক্ষাগুৰু আৰু জ্যেষ্ঠ সকলৰ প্ৰতি উচি্ত সন্মান প্ৰদৰ্শন কৰিম
আমি শিক্ষাগুৰুৱে কোৱা প্ৰতিটো কথাই মনোযোগেৰে শুনিম
আমি ছাত্ৰ-ছাত্ৰীসকল দেশৰ ভৱিষ্যত নাগৰিক। আমি দেশৰ সন্মান অটুট ৰাখিবলৈ চেষ্টাৰ পথত অগ্ৰসৰ হ’ম বুলি সংকল্প ল’লোঁ
ছাত্ৰ-সংসদ
প্ৰতি মাহৰ প্ৰথম সপ্তাহত প্ৰতি শ্ৰেণীৰ পৰা সদস্য নিৰ্বাচন কৰি ছাত্ৰ সংসদ গঠন কৰা হয়
ছাত্ৰ সংসদৰ বিভাগ সমূহ
প্ৰধান সেৱক এজন
কৃষ্টি সেৱক, স্বাস্থ্য সেৱক, চাফাই সেৱক, শান্তিৰক্ষা সেৱক আৰু সাহিত্য শাখাৰ সেৱক দল ছাত্ৰ-ছাত্ৰীৰ মাজৰ পৰা প্ৰস্তাৱ অনুসৰি নিৰ্বাচন কৰা হয়
অভিভাৱকৰ দায়িত্ব আৰু কৰণীয়
বিদ্যালয়খনৰ শৈক্ষিক পৰিৱেশ সুন্দৰ কৰি ৰখাত সহায় কৰা
বিদ্যালয়লৈ শিশুটিক সময়মতে পঠোৱা
বিদ্যালয়ত উপস্থিতি নিয়মীয়া কৰা
বিদ্যালয়লৈ প্ৰত্যেক দিনৰ বাবে নিৰ্দ্ধাৰিত সমসাজ চাফ-চিকুণকৈ পিন্ধি অহাত সহায় কৰা
শিশুটিৰ নখ-চুলি চুটিকৈ কাটি পৰিষ্কাৰ-পৰিচ্ছন্নতাৰে বিদ্যালয়লৈ পঠোৱা
শিশুটি বেগৰ ওজন ‘ক’ শ্ৰেণী পৰা দ্বিতীয় শ্ৰেণীলৈ ১.৫ কিলোগ্ৰাম আৰু তৃতীয় শ্ৰেণীৰ পৰা পঞ্চম শ্ৰেণীলৈ ৩ কিলোগ্ৰামতকৈ কম হোৱাটো নিশ্চিত কৰা
মধ্যাহ্ন ভোজনৰ বাবে (‘ক’ শ্ৰেণীৰ বাদে) একোখনকৈ কাঁহী বেগত দি পঠোৱা
শিশুটি বিদ্যালয়লৈ আহিব নোৱাৰিলে বা বিদ্যালয়ৰ পৰা অৰ্দ্ধছুটীত নিব লগা হ’লে বিদ্যালয় কতৃপক্ষক জনাই নিৰ্দিষ্ট বহীত স্বাক্ষৰ কৰিহে নিয়াৰ ব্যৱস্থা কৰা
বিদ্যালয় চৌহদত পলিথিন বা পলিথিন জাতীয় সামগ্ৰী ব্যৱহাৰ কৰাৰ পৰা বিৰত থাকিবলৈ প্ৰেৰণা যোগোৱা
বিদ্যালয়ত পালন কৰা সকলো উৎসৱত শিশুটি উপস্থিত থকাটো নিশ্চিত কৰা
বিদ্যালয়খন পৰিষ্কাৰ-পৰিচ্ছন্নকৈ ৰখাত বিদ্যালয় কতৃপক্ষক অভিভাৱক সকলে সহযোগিতা আগবঢ়োৱা
“অভিভাৱক সভা”ত অভিভাৱকৰ উপস্থিতি এশ শতাংশ নিশ্চিত কৰা
শিশুৰ স্কুল-বেগত প্ৰয়োজনীয় শিক্ষণ-শিকণ সামগ্ৰী থকাটো নিশ্চিত কৰা
“শিশু পৰিচয়-পত্ৰ” বিদ্যালয়লৈ অনাটো নিশ্চিত কৰা
শিশুটিৰ ব্যক্তিগত সমস্যাৰ বিষয়ে শ্ৰেণী শিক্ষকক মুক্ত মনে অৱগত কৰা
বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে জ্যেষ্ঠজনৰ প্ৰতি উপযুক্ত সন্মান প্ৰদৰ্শন কৰিবলৈ শিকোৱা
বিদ্যালয়ৰ সম্পত্তি তথা যিকোনো ৰাজহুৱা সম্পত্তিৰ সুৰক্ষাৰ প্ৰতি দায়িত্বশীল হ’বলৈ শিকোৱা