বিদ্যালয়ৰ বিষয়ে
ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় এখন চৰকাৰী প্ৰাথমিক বিদ্যালয়।১৯৬৪ চনতে ঘিলামৰাৰ প্ৰাণকেন্দ্ৰত স্থাপিত ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ে ২০১৪ চনতে সগৌৰৱে সোণালী জয়ন্তী উৎসৱ উদ্যাপন কৰে। পূৱে পশু চিকিৎসালয় উত্তৰে ঘিলামৰা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়, পশ্চিমে কান্ত খনিকৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দক্ষিণে ২২ নং ৰাজ্যিক ঘাইপথক লৈ এই বিদ্যালয়ৰ চাৰিসীমা গঠিত। প্ৰতিষ্ঠা কালৰে পৰাই এই বিদ্যালয়ে লখিমপুৰ জিলাৰ ভিতৰতে আগশাৰীৰ বিদ্যালয় হিচাপে পৰিচয় দি আহিছে। বৰ্তমানেও বিদ্যালয়ত কৰ্মৰত শিক্ষকসকল, অভিভাৱক তথা শুভাকাংক্ষী সকলৰ প্ৰচেষ্টাত অসমৰ ভিতৰতে এই বিদ্যালয়ৰ নাম জিলিকাবলৈ সক্ষম হৈছে।
প্ৰতিষ্ঠাকালৰে পৰা বৰ্তমানলৈ প্ৰধান শিক্ষকৰ নামৰ তালিকা
৺তিলেশ্বৰ পাটৰ – (১৯৬৪- ১৯৬৬)
৺যজ্ঞোৰাম হাজৰিকা- (১৯৬৬-১৯৬৮)
৺ফণিধৰ গগৈ- (১৯৬৯-১৯৮৮)
৺খগেন্দ্ৰ নাথ গগৈ- (১৯৮৮-১৯৯৩)
৺শশীন্দ্ৰ নাথ শইকীয়া(জিলাৰ কৃতী শিক্ষক বঁটা প্ৰাপ্ত(২০০০চন))- (১৯৯৩-২০০২)
শ্ৰীযুতা পুণ্যৱতী গগৈ- (২০০২-২০০৩)
শ্ৰীযুত পদ্মেশ্বৰ বৰগোঁহাই(জিলাৰ কৃতী শিক্ষক বঁটা প্ৰাপ্ত(২০০৩চন))- (২০০৩ৰ আগষ্টৰ পৰা-২০১৫ৰ চেপ্টেম্বৰলৈ)
শ্ৰীযুতা নিৰুপমা দত্ত(জিলাৰ কৃতী শিক্ষক বঁটা প্ৰাপ্ত(২০১৫চন))- (২০১৫-২০১৯ৰ মাৰ্চলৈ)
শ্ৰীযুতা অঞ্জনা কোঁছ(আদৰ্শ শিক্ষক বঁটা প্ৰাপ্ত (২০১০), জিলা সৰ্বশিক্ষা মিছনৰ পৰা জিলাৰ কৃতী শিক্ষক বঁটা প্ৰাপ্ত(২০১৬চন))- (২০১৯ৰ এপ্ৰিলৰ পৰা)
বৃত্তিপ্ৰাপ্ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা (অন্তিম পাঁচ বছৰ চন অনুযায়ী)
প্ৰতিষ্ঠা কালৰে পৰা-২০১৩ চনলৈকে – ৫১১ জন
২০১৪ চনত- ৬১ জন
২০১৫ চনত- ৭৬ জন
২০১৬ চনত- ৭৮ জন
২০১৭ চনত- ২০ জন
২০১৮ চনত- ৪৫ জন
চৰকাৰী স্বীকৃতি (চন অনুযায়ী)
অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা বিভাগৰ দ্বাৰা ২০০২-০৩ বৰ্ষত উদ্গনিমূলক বঁটা
অসম সৰ্বশিক্ষা অভিযান মিছনৰ পৰা ২০০৯ চনত আদৰ্শ বিদ্যালয় স্বীকৃতি
ঢকুৱাখনা মহকুমা ভিত্তিত ২০১৮ চনৰ স্বচ্ছ বিদ্যালয় বঁটা
২০১৭ আৰু ২০১৮ বৰ্ষৰ দুয়োটা গুণোৎসৱত A+ গ্ৰেড