প্ৰাক্তন ছাত্ৰ-ছাত্ৰীসকলৰ সকলৰ কিছু অনুভৱৰ উদ্ধৃতি
আমাৰ ঘৰৰ প্ৰায় পাঁচ কিলোমিটাৰ দূৰত্বত থকা (৪৪ নং গোপালপুৰ প্ৰাথমিক বিদ্যালয়) চৌখামঘাট প্ৰাইমেৰী স্কুলখনেই আছিল মোৰ ল’ৰালি জীৱনৰ প্রথম পঢ়াশালি। খ শ্ৰেণীমান পাওঁতে আমি কেইগৰাকীমান ল’ৰা-ছোৱালী বেলেগ ঘৰ এটাত পঢ়াশুনা কৰিছিলো। শুনিছিলো বোলে নতুন স্কুল হ’ব। যি কি নহওক স্কুলখনৰ নাম দিয়া হৈছিল “ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়।” …তৃতীয় শ্ৰেণীত থাকোঁতে বৃত্তি বাছনিত উঠিছিলো। স্কুল ছুটীৰ পিছতো আমাক ছাৰে অতিৰিক্তভাৱে পঢ়াইছিল। জমা খৰচৰ অংকটো ভুল কৰা বাবে বৃত্তি নাপালো । এৰি অহা দিনবোৰ ৰোমন্থন কৰিলে ভাবো, আমাক যেনেকৈ শিক্ষকে যত্নেৰে শিক্ষাদান কৰিছিল, এতিয়াও বাৰু তেনেকৈ শিক্ষাদান কৰেনে?
নীলিমা চায়েঙীয়া, প্রাক্তন ছাত্ৰী
নামনি সংমণ্ডলৰ আয়ুক্ত (বিশেষ বিষয়া) হিচাবে কৰ্মৰত
কটন মহাবিদ্যালয়ৰ পৰা ডিগ্ৰী লোৱা বুলি এজন কটনিয়ানে যিমান গৌৰৱ অনুভৱ কৰে, ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত পঢ়িছিলো বুলি ক’লে আমাৰো তেনে অনুভৱ হয়। কটন মহাবিদ্যালয়ৰ লগত তুলনা কৰিছো এই কাৰণেই যে কটনিয়ানসকল যেনেকৈ সমগ্র বিশ্বতে বিয়পি আছে, ঠিক তেনেকৈ আমাৰো আছে।
নিত্যানন্দ বুঢ়াগোঁহাই
প্রাক্তন ছাত্ৰ আৰু বৰ্তমান ৰূপজ্যোতি হাইস্কুলৰ সহঃ শিক্ষক।
ইং ১৯৬৮ চনৰ কোনোবা এটা তাৰিখত মই ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত নাম লিখাইছিলো। গোটা ঘূৰণীয়া কাঠৰ খুঁটাকেইটাৰ ওপৰত থকা, বেৰ নথকা চাৰিকুৰি মান ল’ৰা ছেৱালী বহিব পৰা খেৰৰ এটা ঘৰ। গঢ়ি পঠিওৱাৰ বাবেই বোধহয় আজিলৈকে আমি কেতিয়াও অসুবিধাত পৰিব লগা হোৱা নাই।
গঙ্গা প্ৰসাদ হাজৰিকা
প্রাক্তন ছাত্ৰ, বৰ্তমান অসম সচিবালয়ৰ পৰিকল্পনা আৰু উন্নয়ন বিভাগৰ ভাষা বিষয়া হিচাবে কৰ্মৰত।
মোৰ শিক্ষাগ্ৰহণৰ আটাইতকৈ মধুৰ ক্ষণবোৰ আছিল আমাৰ মৰমৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয় তথা কান্ত খনিকৰ ছোৱালী হাইস্কুল আৰু নৰ্থ বেংক মহাবিদ্যালয়ত কটোৱা সময়বোৰ। তাৰ ভিতৰত আটাইতকৈ ভাল সোঁৱৰণিৰে ভৰা। আমাৰ শিক্ষাণ্ডৰু দুজন আছিল- সন্মানীয় স্বৰ্গীয় ফনীধৰ গগৈদেৱ, তেখেতক আমি ডাঙৰ ছাৰ আৰু সন্মানীয় শশীন্দ্ৰ শইকীয়া ছাৰ, তেখেতক আমি ‘সৰু ছাৰ’ বুলি মাতিছিলো ৷ ছাৰ দুয়োজনৰ সান্নিধ্যত ল’ৰালিৰ প্ৰাথমিক শিক্ষা গ্ৰহণ কৰি আজিও সেই শিক্ষাদান পদ্ধতি মোৰ কৰ্ম জীৱনৰ পাথেয় হৈ আছে।
মৌচুমী চায়েঙ্গীয়া
বিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী, বৰ্ত্তমান জিলা শিক্ষা প্ৰশিক্ষণ প্ৰতিষ্ঠান (DIET) বিশ্বনাথ চাৰিআলিত কৰ্মৰত
আমাৰ মৰমৰ আদৰ্শ প্রাথমিক বিদ্যালয়খন সেই সময়ত ঘিলামৰাৰ সৰু সমাজখনত এগছি বন্তিৰ দৰে আছিল। কণ কণ অকণিহঁতক ভৱিষ্যতৰ সু-নাগৰিক হিচাপে গঢ়ি তোলাৰ প্ৰথম খোজকেইটিত আলোকেৰে বাট দেখুৱাই সমাজৰ হৈ এক গধুৰ দায়িত্ব নিষ্ঠাৰে পালন কৰা এক পৱিত্ৰ অনুষ্ঠান । বিদ্যালয়খনৰ অন্যতম দিশ আছিল হাতৰ আখৰৰ সুন্দৰতাৰ ওপৰত জোৰ দিয়াটো। শিক্ষক-শিক্ষয়িত্ৰী সকলৰ হাতৰ আখৰ বৰ ধুনীয়া আছিল। শাৰীবোৰ আনুভূমিক, সমান্তৰাল আৰু দুটা শাৰীৰ মাজত সমদূৰত্ব বৰ্তাই ৰাখিবলৈ শিকোৱা হৈছিল। চিত্ৰাংকণ, বাঁহৰ কাম, মাটিৰ কাম আদি সেই সময়ৰ স্কুলীয়া শিক্ষাৰ অংগ আছিল। আমাৰ ঘৰুৱা কাৰ্যৰ ভিতৰত অন্যতম আছিল স্কুললৈ বাঁহৰ চেকনি গোটাই নিয়া। আমি গোটেই জাকে চেকনিৰ আগতেই বিদ্যা লভিছিলো।
সন্দীপ কুমাৰ শৰ্মা
প্ৰাক্তন ছাত্ৰ, বৰ্ত্তমান অইল ইণ্ডিয়া লিমিটেডৰ পাইপ লাইন শাখা (যোৰহাট)ৰ জ্যেষ্ঠ অভিযন্তা
৺শশীন্দ্ৰ শইকীয়া৷ ছাৰৰ কৰ্তব্য পৰায়ণতাত মই স্তম্ভিত হৈছিলো। তেখেতে নিজৰ দায়িত্ববোৰ শিষ্যৰ আগত দাঙি ধৰাৰ যি কৌশল, সেয়া সঁচাই অতি অনুকৰণীয়। বৃত্তি পৰীক্ষাৰ প্ৰশ্নকাকত দি আহি ছাৰে বাকী থকা প্ৰশ্ন কাকতখন নিজেও নাচাইছিল, আৰু আনকো চোৱাৰ সুবিধা নিদিছিল। তিনি ঘন্টা হোৱাৰ বিছ মিনিটমানৰ আগতে, মোক, ‘বাকচ এইফালে আহ’ বুলি মাতি নিজেও চাইছিল আৰু মোকো দেখুৱাইছিল।
লক্ষীমাই হাজৰিকা
বৰ্তমান ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত কৰ্মৰত।
শিক্ষক হিচাপে মই লগ পাইছিলো ৺ফনীধৰ গগৈ আৰু ৺শশীন্দ্ৰ নাথ শইকীয়া ছাৰক আৰু বাইদেউ হিচাপে শ্ৰীযুতা পুন্যৱতী গগৈ বাইদেউক। গগৈ ছাৰে সৎ আৰু পৱিত্ৰ আচাৰ ব্যৱহাৰেৰে ভৱিষ্যতে মানুহ হবলৈ শিকাইছিল। সৰু ছাৰ হিচাপে শইকীয়া ছাৰ এজন নিষ্ঠাৱান ব্যক্তি আছিল। তেখেতৰ হাতত এডাল চেকনি থাকে। তেখেতে কেইটামান বিশেষ দিশৰ ওপৰত গুৰুত্ব দিছিল, যেনে-হাতৰ আখৰ, শ্ৰুতলিপি, মৌখিক আৰু ভূগোলৰ সংজ্ঞা। সৰু ছাৰৰ এই আপ্ৰাণ চেষ্টাই আমাক পৰীক্ষা বিলাকত যথেষ্ট সহায় কৰিছিল। প্ৰতি বছৰেই আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ৰ প্রাথমিক বৃত্তি পৰীক্ষা বিলাকৰ ফলাফল অতি উন্নতমানৰ হৈছিল।
অমল কুমাৰী হাজৰিকা
প্রাক্তন ছাত্ৰী, বৰ্তমানৰ লেখিকা । স্বামীৰ কৰ্ম সূত্ৰে পশ্চিমবংগৰ বাসিন্দা।
আমি বাঁহৰ কলমত চিয়াঁহী ডুবাই আখৰ লিখিছিলো। ছাৰে কলম ধৰাৰ অভ্যাস, আখৰ ভাল কৰাৰ অভ্যাস বৰ ধুনীয়াকৈ শিকাইছিল। …কলপাতত নেওতা লিখি নিবলৈ সপ্তাহত দুদিনকৈ দিছিল।……..যাৰ বাবে সেই তেতিয়াৰ বৰ নেওতা আজিও মুখতে আছে। আমাৰ দিনত চেকনিৰ আগত বিদ্যা আছিল। সেই বিদ্যাৰ বাবেই হয়তো পঢ়াত দুৰ্বল জনো প্ৰতিষ্ঠিত লোক হ’ল।
ৰেৱত চাংমাই
প্ৰাক্তন ছাত্ৰ, বৰ্তমান বৰজান প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক।
ইং ১৯৭০ চনৰ জানুৱাৰী মাহৰ কোনো এটা দিনত আমাৰ ককা ৺ৰাতিৰাম দাসে হাতত এযোৰ তামোল পাণ লৈ আমাৰ স্থানীয় আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়ত মোৰ দাদা ৺নৱজিত দাসক নাম লিখোৱাবলৈ লৈ গৈছিল। লগত গৈছিলো মই। এমাহমান দাদাৰ লগত বহি থাকি শিকনত অংশগ্ৰহণ কৰাৰ পাছত একেটা শ্ৰেণীতে মোকো আনকি বিদ্যালয় ছুটী হোৱাৰ পিছতো নিয়মিত সময়ৰ অন্তৰালত প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ ঘৰে ঘৰে গৈ তেওঁলোকৰ শিকনৰ অগ্ৰগতিৰ সন্দৰ্ভত অভিভাৱকৰ লগত আলাপ আলোচনা কৰি শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অতি প্রয়োজনীয় “শিক্ষক ছাত্ৰ অভিভাৱক”ৰ ত্ৰিকোণীয় সমন্ধ প্ৰতিষ্ঠা কৰি সন্ধিয়া দেৰিকৈহে ঘৰ সোমাইছিলগৈ।
ৰঞ্জিত দাস
প্রাক্তন ছাত্ৰ আৰু বৰ্তমান চাউলধোৱা ঘাটৰ
ৰূপহী হাইস্কুলৰ বিজ্ঞান শিক্ষক ৰূপে কৰ্মৰত।
ঘিলামৰা আদৰ্শ স্কুলত শিক্ষা গ্ৰহণ কৰা দুটা বছৰে মোক সৰু-ডাঙৰ বহু কথা শিকালে আৰু তাৰে দুটা প্ৰমুখ শিকনিয়ে সদায়ে মোক সহায় কৰি আহিছে। প্ৰথম কথাটো হ’ল, বৃহত্তৰ পৰিৱেশৰ সৈতে নিজকে মিলোৱাৰ অভিজ্ঞতা। আদৰ্শ স্কুলত আহি মই প্রথমবাৰৰ বাবে মোৰ নিজ গাঁৱৰ বাহিৰৰ ল’ৰা-ছোৱালীবোৰক লগ পাইছিলো। দেখাত সৰু হ’লেও মোৰ কাৰণে সেয়া বেচ গুৰুত্বপূৰ্ণ কথা আছিল। এতিয়া চাকৰি সূত্ৰে সততে নিত্য নতুন দেশী বিদেশী সংস্কৃতিৰ স’তে মিলা-জুলা কৰিব লগা হয় আৰু দ্বিতীয়টো আছিল গোটেই স্কুলৰ ছাত্ৰ-ছাত্ৰীৰ সন্মুখত থিয় হৈ বক্তৃতাৰ সুৰত কথা কোৱা। চতুৰ্থ শ্ৰেণীত স্কুলৰ প্ৰধানমন্ত্ৰী হিচাবে প্ৰাৰ্থনা আৰম্ভ কৰা, চাফ-চাফাই কৰোৱা আদি মোৰ দৈনন্দিন কাম আছিল । এজন সফল ইঞ্জিনিয়াৰ হোৱাৰ কাৰণে নিজৰ মনৰ বিশ্লেষণ, চিন্তা-চৰ্চাবোৰ দহজনৰ সন্মুখত সজাই পৰাই বুজোৱাটো অতি দৰকাৰী। স্কুলত “খগেন্দ্ৰ নাথ গগৈ ছাৰৰ সুন্দৰ হাতৰ আখৰ”, “শশীন্দ্ৰ শইকীয়া ছাৰৰ কঠোৰ শাসনৰ মাজত হাঁহি স্ফূৰ্তিৰে ভৰা শ্ৰেণীৰ দুটা বছৰ পাহৰিব নোৱাৰোঁ।
ঋতু তপন বড়া
বিদ্যালয়ৰ প্রাক্তন ছাত্ৰ আৰু
লচ এঞ্জেলচ্ (আমেৰিকা যুক্তৰাষ্ট্ৰৰ ডেল’ইট কন্চালটিঙত জ্যেষ্ঠ বিশেষজ্ঞ হিচাপে কৰ্মৰত
সকলো ঋতুতে সমুজ্জ্বল যি তীৰ্থ-তাৰেই ঠিকনা মোৰ শৈশৱ জীপাল কৰা অতিকৈ হেঁপাহৰ ঘিলামৰা আদৰ্শ নিম্ন বুনিয়াদী বিদ্যালয়। জীৱন গঢ়াৰ সঠিক উপায়ৰ সন্ধানত বিদ্যালয়খনিত পদাৰ্পণ কৰি শ্রেষ্ঠতম প্রাপ্তিৰ সোণগুটিৰে হুমুনিয়াহৰ ডাঙৰি বান্ধি ঢাপলি মেলিছিলো উচ্চ শিক্ষাৰ অভিযানত । পলসৰ ডায়েৰী খুলি দেখোঁ যে- বিদ্যালয়খনে কেৱল পাঠ্যক্ৰমেই নহয়, ছাত্ৰ-ছাত্ৰীৰ মাজত সুপ্ত হৈ থকা প্ৰতিভাৰ অন্যান্য সকলোবোৰ দিশ উদ্ঘাটন কৰি উলিয়াই আনিব পৰাকৈ হৃদয় মগজু শৰীৰ নিয়োজিত হোৱা সকলো ধৰণৰ প্ৰতিভা সন্ধানী প্ৰয়াস শিক্ষক-ছাত্ৰৰ সামূহিক প্ৰচেষ্টাত সম্পন্ন হৈছিল।আৰু ভৱিষ্যতেও সময়ৰ লগত খোজ মিলাই ঐতিহ্য আৰু বিৱৰ্তনৰ সুষম সন্তুলনেৰে যুগোপযোগী চিন্তা-চৰ্চাৰে বিদ্যালয়খনে চিৰকালীন গৌৰৱ অক্ষুণ্ণ ৰাখিব বুলি কামনা কৰিলো।
নমিষা দাস
(২০০০-২০০৩)
বৰ্তমান গৱেষিকা ছাত্ৰীৰূপে কৰ্মৰত।
I feel deeply honored to be addressing here as an alumnus of Ghilamara Adarasha Lower Primary School. I am thankful for everything we shared, every chance we had to grow. Isn’t it awful the way time flies? Wish I could turn back time to the good old days. Long live Ghilamara Adarsha Lower Primary School
Arunjyoti Buragohain
[2000-2003 batch]